জম্মু-কাশ্মীৰত নৃশংস হত্যা আৰক্ষী অধীক্ষক (জে’ল) তথা অসম সন্তান হেমন্ত লোহিয়াক…

263

জম্মু-কাশ্মীৰ আৰক্ষীৰ কাৰাগাৰৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অসমৰ হেমন্ত কুমাৰ লোহিয়াৰ হত্যাকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

জম্মু-কাশ্মীৰৰ ডিজিপি (কাৰাগাৰ) হেমন্ত কুমাৰ লোহিয়াক যোৱা ৩ অক্টোবৰত জম্মু চহৰৰ উদয়ৱালা অঞ্চলৰ নিজ গৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

৫৭ বছৰীয়া লোহিয়াক তেওঁৰ ঘৰুৱা সহায়ক ইয়াছিৰ আহমেদে (২৩) হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

ইয়াছিৰ আহমেদক মঙলবাৰে (৪ অক্টোবৰ) গ্ৰেপ্তাৰ কৰা হৈছিল।

৩ অক্টোবৰৰ নিশা প্ৰায় ১১:৪৫ বজাত লোহিয়াৰ ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

তদুপৰি লোহিয়াৰ জ্বলা-পোৰাৰ আঘাতো আছিল।

ইফালে জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান (কাৰাগাৰ) হেমন্ত কুমাৰ লোহিয়াৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে এটা অখ্যাত সন্ত্ৰাসবাদী গোটে।

সোমবাৰৰ পৰা অঞ্চলটোলৈ তিনিদিনীয়া ভ্ৰমণ আৰম্ভ কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এয়া এক “সৰু উপহাৰ” বুলি গোটটোৱে কয়।

পিপলছ এণ্টি ফেচিষ্ট ফ্ৰণ্ট (পিএএফএফ) নামৰ গোটটোৱে দাবী কৰিছিল যে তেওঁলোকৰ “বিশেষ স্কোয়াডে” লোহিয়াক হত্যা কৰাৰ বাবে “চোৰাংচোৱা ভিত্তিক” অভিযান চলাইছিল।

“এনে নিৰাপত্তা গ্ৰীডৰ মাজত ভ্ৰমণকাৰী গৃহমন্ত্ৰীলৈ এইটো এটা সৰু উপহাৰ। …আমি এনে অভিযান অব্যাহত ৰাখিম…,” ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এক টোকাত এইদৰে কয় গোটটোৱে।

লোহিয়া আছিল ১৯৯২ চনৰ বেচৰ ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া।

চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁ জম্মু-কাশ্মীৰৰ ডিজিপি (কাৰাগাৰ) হিচাপে নিযুক্তি লাভ কৰিছিল।

খবৰ অনুসৰি লোহিয়া অসমৰ গুৱাহাটীৰ আঠগাঁও অঞ্চলৰ বাসিন্দা আছিল।

অসমৰ গুৱাহাটীৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল লোহিয়া।