জম্মু কাশ্মীৰত তিনি সন্ত্ৰাসবাদী নিহত

123

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে তিনিটা পৃথক স্থানত চলোৱা অভিযানত ৩ সন্ত্ৰাসবাদী নিহত হৈছে। কুপৱাৰাৰ মাচিলত নিৰাপত্তাৰক্ষীয়ে ২জন সন্ত্ৰাসবাদীক হত্যা কৰাৰ সময়ত টাংধৰত এজন সন্ত্ৰাসবাদী নিহত হৈছে। একে সময়তে ৰাজৌৰীত অব্যাহত আছে এনকাউণ্টাৰ। কোৱা হৈছে যে সন্ত্ৰাসবাদীসকলে সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ কৰিছিল। সংঘৰ্ষৰ পাছত অঞ্চলটো ঘেৰি লোৱা হৈছে। এতিয়াও চলি আছে অনুসন্ধান ।