জম্মুত শিখ যুৱতীৰ ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল দিল্লী

87

জম্মু-কাশ্মীৰত দুগৰাকী শিখ সম্প্ৰদায়ৰ যুৱতীক অপহৰণ কৰি জবৰদস্তি ধৰ্মান্তৰকৰণ কৰাৰ বিৰুদ্ধে এই উত্তাল হৈ পৰিছে ৰাজধানী দিল্লী। আজি ভালেসংখ্যক শিখ ধৰ্মাৱলম্বী লোকে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জম্মু-কাশ্মীৰত শিখ সম্প্ৰদায়ৰ মহিলা-যুৱতীৰ সুৰক্ষাৰ দাবী জনায়।

অভিযোগ অনুসৰি, জম্মু-কাশ্মীৰত দুগৰাকী শিখ যুৱতীক অপহৰণ কৰি বয়সত বহু ডাঙৰ লোকৰ সৈতে বিবাহ পাশত আৱদ্ধ হবলৈ বাধ্য কৰোৱা হৈছিল। এই বিবাহৰ পূৰ্বে গুলীয়াই হত্যা কৰাৰ ভাবুকিৰে ধৰ্মান্তৰকৰণ কৰা হৈছিল যুৱতী দুগৰাকীৰ।

অৱশ্যে অপহৃত এগৰাকী যুৱতী কোনোমতে পৰিয়ালৰ কাষলৈ উভতি আহিবলৈ সক্ষম হৈছে যদিও আনগৰাকী বৰ্তমানো ধৰ্মান্তৰকৰণ কৰা সেই গোটৰ ওচৰতে আছে। শিখ যুৱতীৰ সুৰক্ষা সন্দৰ্ভত আলোচনাৰ বাবে অকালী দলৰ এটা প্ৰতিনিধি দল গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ বাবে প্ৰস্তুতি চলোৱা বুলিও জানিব পৰা গৈছে।