জন্মদিন বিশেষঃ কিয় ৰাজহুৱা স্থানত ক’লা কোট পিন্ধিব পৰা নাছিল অভিনেতা দেৱ আনন্দে? জানেনে মূৰৰ চিৰ পৰিচিত টুপীটোৰ আঁৰৰ কাহিনী…

121

আজি ২৬ ছেপ্টেম্বৰ। আজিৰ দিনটোতে জন্মলাভ কৰিছিল হিন্দী ছবিজগতৰ এগৰাকী কিংবদন্তি অভিনেতাই। ষাঠি আৰু সত্তৰৰ দশকৰ আটাইতকৈ সুদৰ্শন অভিনেতা হিচাপে পৰিছিত আছিল তেওঁ। তেওঁ ইমানেই ধুনীয়া আছিল যে এটা সময়ত তেওঁক ৰাজহুৱা স্থানত কলা কোট পৰিধান কৰাটো নিষেধাজ্ঞা আৰোপ কৰিবলগীয়া হৈছিল। ইয়াৰ একমাত্ৰ কাৰণ আছিল মহিলা আৰু যুৱতী সকলৰ মাজত তেওঁৰ সীমাহীন জনপ্ৰিয়তা।

এইগৰাকী প্ৰসিদ্ধ অভিনেতাৰ নামেই হৈছে দেৱ আনন্দ। এশ খনৰো অধিক ছবিত অভিনয় আৰু প্ৰযোজনা কৰি হিন্দী ছবি জগতত এক অনন্য মাত্ৰা প্ৰদান কৰা দেৱ আনন্দৰ জন্ম হৈছিল ১৯২৩ চনৰ আজিৰ দিনটোত, অৰ্থাৎ ২৬ ছেপ্টেম্বৰত।

তেওঁৰ গোটেই জীৱনৰ বিষয়ে কবলৈ গলে এই ভিডিঅ’ বহু দীঘলীয়া হব। আজি আমি কম কিয় তেওঁক কলা কোট পিন্ধিবলৈ বাৰণ কৰা হৈছিল আৰু তেওঁৰ মূৰৰ সেই চিৰ পৰিচিত টুপীটোৰ বিষয়ে। কিন্তু তাৰ পূৰ্বে বলিউডত তেওঁৰ ভুমুকিৰ বিষয়েতো কবই লাগিব।

দেৱ আনন্দক ছবিত অভিনয়ৰ প্ৰথম সুযোগ দিছিল অভিনেতা-পৰিচালক অশোক কুমাৰে। ১৯৪৮ চনত মুক্তিলাভ কৰা বোম্বে টকীজৰ প্ৰযোজনাৰ জিদ্দি ছবিখনত কামিনি কৌশলৰ বিপৰীতে অভিনয় কৰিছিল দেৱ আনন্দ। প্ৰথমখন ছবিয়েই তেওঁক দৰ্শকৰ মাজত প্ৰদান কৰিছিল এক সুকীয়া পৰিচয়। অনন্য সুন্দৰ আৰু সুকীয়া ষ্টাইল আছিল দেৱ আনন্দৰ পৰিচয়।

লাহে লাহে বলিউডত ৰোমান্টিক হিৰ হিচাপে পৰিচিত হৈ পৰিছিল দেৱ আনন্দ। তেওঁৰ ৰূপ, চঞ্চল চকু আৰু বিশেষ ভঙ্গিমাই ইতিমধ্যে সমগ্ৰ দেশত সৃষ্টি কৰিছিল লাখ লাখ অনুৰাগীৰ। তেওঁ অনুৰাগী সকলৰ অধিকাংশই আছিল মহিলা, যিয়ে তেওঁক সপোনৰ ৰাজকুমাৰ আখ্যা দিছিল।

১৯৫৮ চনত মুক্তি পায় দেৱ আনন্দৰ কালা পানী নামৰ ছবিখন। এই ছবিখনত দেৱ আনন্দৰ বিপৰীতে অভিনয় কৰিছিল মধুৱালা আৰু নলিনী জৈৱন্তই। ছবিখনত কলা কোট পিন্ধা দেৱ আনন্দক বিৰাট ধুনীয়া দেখা হৈছিল। যাৰ বাবে ছবিখনৰ মুক্তিৰ পিছতে তেওঁৰ মহিলা অনুৰাগী সকলৰ মাজত এক আচৰিত উন্মাদনাই দেখা দিয়ে।

পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছিল যে দেৱ আনন্দৰ ৰূপত মতলীয়া হৈ এগৰাকী মহিলা অনুৰাগীয়ে আত্মহত্যা পৰ্যন্ত কৰি পেলাইছিল। বাতৰি অনুসৰি সেই সময়ত পথেৰে দেৱ আনন্দ কলা কোট পিন্ধি যেতিয়া পাৰ হৈ যায়, তেওঁক এবাৰ কাষৰ পৰা পাবলৈ, এবাৰ চুই চোৱাৰ হেঁপাহত বহু যুৱতীয়ে বিল্ডিঙৰ ওপৰৰ পৰা জঁপিয়াই পৰি ঘুনিয়া হৈছিল। যাৰ বাবে পিছত ৰাজহুৱা স্থানত দেৱ আনন্দক কলা কোট পিন্ধাত একপ্ৰকাৰ নিষেধাজ্ঞা আৰোপ কৰা হয়।

দেৱ আনন্দ বুলিলে তেওঁৰ অনুৰাগীৰ মনলৈ আহে তেওঁ প্ৰায়ে পিন্ধা সেই জনপ্ৰিয় চেকাৰ প্ৰিন্ট কেপটো। প্ৰথম তেওঁ জুৱেল থিফ নামৰ ছবিখনত পৰিধান কৰিছিল এই টুপিটো। ষ্টাইল আইকণ হিচাপে পৰিচিত দেৱ আনন্দৰ সেই টুপী পিছত তেওঁৰ অনুৰাগী সকলৰ বাবেও ষ্টাইল হৈ পৰিছিল।

দৰাচলতে দেৱ আনন্দে সেই টুপিটো ক্ৰয় কৰিছিল ডেনমাৰ্কৰ কোপেনহেগেনৰ এখন দোকানৰ পৰা। পিছত তেনে চেকাৰ প্ৰিন্ট টুপীৰে নিজৰ এক সুকীয়া পৰিচয় লাভ কৰিছিল দেৱ আনন্দে।

অৱশ্যে দেৱ আনন্দে তেওঁৰ প্ৰতিখন ছবিতেই বেলেগ বেলেগ ষ্টাইল ফল’ কৰিছিল। কেতিয়াবা যদি কাও বয় কেপত, কেতিয়াবা আকৌ হান্তৰ হেট পিন্ধি ৰোমান্টিক হিৰ হৈ প্ৰেয়সীৰ সৈতে প্ৰেম নিবেদন কৰিছিল। আৰু তেওঁৰ প্ৰতিটো চৰিত্ৰ, প্ৰতিটো ষ্টাইলে দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।

বাস্তৱ জীৱনতো অতি ভাবুক আৰু প্ৰেমিক মনৰ ব্যক্তি হিচাপে পৰিচিত দেৱ আনন্দৰ বাস্তৱতো আছিল টুপী, কাপোৰ আৰু কলমৰ প্ৰতি এক পৃথক টান। তেওঁৰ আত্মজীৱনী ৰোমাঞ্চিঙ উইথ লাইভত তেওঁ উল্লেখ কৰা মতে, তেওঁ যলৈকে নগলেও তাৰ পৰা সংগ্ৰহ কৰিছিল নতুন নতুন ধৰণৰ টুপী, সাজ পোছাক আৰু কলম।

এইগৰাকী কালজয়ী অভিনেতাই শেষ নিশ্বাস ত্যাগ কৰিছিল ২০১১ চনৰ ৩ ডিচেম্বৰত লণ্ডনৰ ৱাছিংটন মেয়ফেয়াৰ হোটেলত। সেই সময়ত শাৰীৰিক অসুস্থতাত ভুগি থকা দেৱ আনন্দ লণ্ডনলৈ গৈছিল চেক আপৰ বাবে। কিন্তু তাৰ পৰা ভাৰতলৈ আকৌ ঘূৰি নাহিল। ৮৮ বছৰ বয়সত বিদেশৰ মাটিত এনেকৈয়ে অৱসান ঘটে এটা যুগৰ।