জনপ্ৰিয় গায়ক হানী সিঙৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিল পত্নী শ্বালিনী, ২৮ আগষ্টত হব গোচৰৰ শুনানি

124

ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়ক, সংগীত পৰিচালক হানী সিঙৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে তেওঁৰ পত্নী শ্বালিনী তলৱাৰে। মঙলবাৰে দিল্লীত তিছ হাজাৰী আদালতত ”ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন”ৰ অধীনত ঘৰুৱা হিংসা আৰু অন্যান্য নিৰ্যাতনৰ অভিযোগত হানী সিঙৰ বিৰুদ্ধে গোচৰ তৰে পত্নী শ্বালিনীয়ে।

ইফালে শ্বালিনী তলৱাৰৰ অভিযোগৰ ভিত্তিত তিছ হাজাহী আদালতৰ মুখ্য মেট্ৰ’পলিটান মেজিষ্ট্ৰেট তানিয়া সিঙে ২৮ আগষ্টত এই গোচৰৰ শুনানিৰ দিন ধাৰ্য্য কৰি হানী সিঙলৈ জাননী জাৰি কৰিছে।

মিডিয়াৰ খবৰ অনুসৰি, শ্বালিনী তলৱাৰে স্বামী হানী সিঙৰ বিৰুদ্ধে শাৰিৰীক, মানসিক আৰু যৌন নিৰ্যাতন চলোৱাৰ লগতে আৰ্থিক শোষনৰো গুৰুতৰ অভিযোগ তুলিছে। যাৰ বাবে তেওঁ হানী সিঙৰ পৰা ২০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি আদালতৰ কাষ চাপিছে।