জনপ্ৰিয় অভিনেতা বিবেক আৰু নাই…

61

তামিলনাডুৰ জনপ্ৰিয় কমেডিয়ান অভিনেতা আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিবেকৰ দেহাৱসান। শনিবাৰে পুৱা চেন্নাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। প্ৰায় ২০০ৰো অধিক ছবিত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

পুৱা প্ৰায় ৪.৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, শুকুৰবাৰে হাৰ্ট এটেকৰ পাছত তেওঁক ভৰ্তি কৰা হৈছেল এছআইএমএছ হাস্পতালত। তাৰপাছত চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি জানিবলৈ দিয়ে যে, তেওঁৰ হৃদযন্ত্ৰলৈ তেজ পঠিওৱা ব্লড বেছেল ব্ল’ক হৈ গৈছে। আৰু অৱশেষত শনিবাৰে পুৱা তেওঁৰ মৃত্যু হয়।