এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল জনপ্ৰিয় মালায়ম অভিনেতা কোল্লাম সুধিয়ে।
সোমবাৰে কেৰালাৰ থ্ৰিছুৰত অভিনেতাগৰাকীয়ে যাত্ৰা কৰা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত প্ৰচণ্ড খুন্দা মৰাত থিতাতে মৃত্যু ঘটে কোল্লাম সুধিৰ।
এই দুৰ্ঘটনাত তেওঁৰ সৈতে থকা আন ৩ জন গুৰুতৰভাৱে আহত হয়।
সোমবাৰে পুৱা প্ৰায় ৪.৩০ বজাত থ্ৰিছুৰৰ কাইপামংগলামৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, ৩৯ বৰ্ষীয় কোল্লাম সুধি বিগত প্ৰায় এটা দশক ধৰি মালায়লম ছবিৰ সৈতে জড়িত হৈ আছিল।
সৰুপৰ্দাৰো জনপ্ৰিয় অভিনেতাগৰাকীয়ে ইতিমধ্যে কেইবাখনো ছবিত অভিনয় কৰাৰ লগতে একাধিক ছুটি ছবি পৰিচালনাও কৰিছে।
অভিনেতাগৰাকীৰ এনে কৰুণ মৃত্যুত মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে শোকপ্ৰকাশ কৰে।
