ষ্টাফৰিপোৰ্টাৰ, ২১ এপ্ৰিল : লক ডাউন সিঠিলৰ লগে লগে জনতা ভৱনৰ কৰ্মচাৰীসকলৰ যাতায়াতৰ বাবে মঙলবাৰৰ পৰা চৰকাৰৰ আদেশমৰ্মে গুৱাহাটীৰ ৮টা পথত ১৬ খন বাছৰ সেৱা আৰম্ভ হৈছে।
কাৰ্যালয়লৈ অহা যোৱা কৰাৰ বাবে নিজাববীয়াকৈ ব্যক্তিগত বাহন ব্যৱহাৰ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰা নাই। কিন্তু অনুমোদিত সকলো বাছত “সামাজিক দুৰত্ব” পৰিলক্ষিত হোৱা নাই। ফলত কাৰ্যালয়ত অহা যোৱা কৰাত কিছু বিষয়া কৰ্মচাৰীৰ অসুবিধা হৈছে। বহু কেইটা পথতে চৰকাৰে বান্ধি দিয়া সংখ্যাতকৈ বেছি কৰ্মচাৰী বাছত আহিব লগীয়া হৈছে। ইয়াৰ উপৰিও পথ কেইটাত কিমান অতিৰিক্ত কৰ্মচাৰী আছে সেয়া সঠিকভাবে নিৰ্ধাৰণ কৰাটো ব্যৱহাৰিক ক্ষেত্রত জটিলতা থকা বুলিও আমি উপলব্ধি কৰিছো।
ইয়াৰ লগতে অন্যান্য কিছু দিশ সামৰি কোভিড১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জনতা ভৱনৰ বিষয়া কৰ্মচাৰীসকলৰ জীৱনৰ সুৰক্ষাৰ নিমিত্তে চৰকাৰক নিম্নলিখিত পৰামৰ্শ সমূহ সন্হাৰ তৰফৰ পৰা প্ৰদান কৰা হৈছেঃ-
১) কাৰ্যালয়লৈ অহা যোৱা কৰিবৰ বাবে “roster duty” ৰ বিপৰীতে কৰ্মচাৰীসকলক ব্যক্তিগত বাহন ব্যবহাৰ কৰাৰ অনুমতি প্ৰদান কৰা,
২) চৰকাৰে অনুমোদন কৰা বাছ সমূহৰ কৰ্মচাৰী যাত্ৰীৰ ক্ষেত্রত সম্পুর্ন “সামাজিক দুৰত্ব” ৰ নীতি পুৰণ মানি চলা, যথাসময়ত পৰ্যাপ্ত পৰিমানে চেনিটাইজা কৰা, প্ৰয়োজন সাপেক্ষে আৰু বাছৰ সংখ্যাৰ লগতে বাছৰ পথো বৃদ্ধি কৰা,
৩) গৃহ মন্ত্রণালয়ৰ নিৰ্দেশনাক গুৰুত্ব প্ৰদান কৰি ৫ বছৰৰ তলৰ সন্তান থকা অভিভাবক সকলক ঘৰৰ পৰায়ে কৰ্তব্যত নিয়োজিত হোৱাৰ বাবে উৎসাহিত কৰা,
৪) গৰ্ভৱতী কৰ্মচাৰী, মধুমেহ ৰোগ থকা কৰ্মচাৰী, উচ্চ ৰক্তচাপত আক্ৰান্ত কৰ্মচাৰী, দিব্যাংগ কৰ্মচাৰী আদিৰ শাৰিৰীক দিশৰ প্ৰতি লক্ষ্য তেওঁলোকক ঘৰৰ পৰায়ে কৰ্তব্যত নিয়োজিত হোৱাৰ বাবে উৎসাহিত কৰা,
৫) জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগৰ বাহিৰে বাকী বিভাগবোৰৰ ক্ষেত্রত সিঠিলতাৰ নীতি পৰিবৰ্তন কৰি কৰ্মচাৰীসকলক ঘৰৰ পৰায়ে কৰ্মত নিয়োজিত কৰা বা/আৰু সাময়িকভাবে যথাসম্ভব অতি কম কৰ্মচাৰীসকলৰ জড়িয়তে কাৰ্য সম্পাদন কৰা
৬) গুৱাহাটীৰ বাহিৰত ৰাজ্যৰ বিভিন্ন স্হানত আৱদ্ধ হৈ থকা জনতা ভৱনৰ কৰ্মচাৰীসকলক গুৱাহাটীত অহাৰ ব্যৱস্থা প্ৰদান কৰা,
৭) যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে কৰ্মত নিয়োজিত হৈ থকা সময়ত কোভিড১৯ ৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰে তেনে কৰ্মচাৰীসকলকো ৫০ লাখ টকাৰ বীমাৰ আওতাধীন কৰা।
পৰামৰ্শ সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গৃহমন্ত্ৰালয়ৰ নীতি নিৰ্দেশনাকো প্ৰাধান্য দিয়াৰো সন্হাই পোষকতা কৰে।
সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰী ভাৱে অনুমোদিত বাছসেৱা বা/আৰু অন্য যাতায়তৰ সেৱাৰ সুবিধা নাপালে কৰ্মচাৰী সকল কাৰ্যালয়ত উপস্থিত হোৱাৰ সম্ভাৱনা কম (যদিহে খোজ কাঢ়ি আহিব পৰা দুৰত্বৰ আওতাধীন নহয়) আৰু এইক্ষেত্ৰত চৰকাৰে নিশ্চিতভাৱে যাৱতীয় ব্যবস্থা গ্ৰহণ কৰিব। কোনো কৰ্মচাৰী যাতায়তৰ অসুবিধাৰ বাবে কাৰ্যালয়ত উপস্থিত হব নোৱাৰিলে কৰ্মচাৰীসকলৰ পক্ষতেই সন্হা অটল।
যিহেতু, এক অনাকাঙ্ক্ষিত আৰু অকল্পনীয় পৰিস্থিতিৰ মাজেৰে চৰকাৰে কৰ্মচাৰীসকলৰ লগতে জনসাধাৰণৰ জীৱনৰ সুৰক্ষাক প্ৰাধান্য দি আগবাঢ়ি আছে- সেয়েহে চৰকাৰ আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অত্যন্ত সদ্ভাব আৰু বুজাবুজিৰ মাজেৰে আগবাঢ়ি গলে সকলো সৰু ডাঙৰ সমস্যা অলপ পলমকৈ হলেও সমাধান হ’ব বুলি মত পোষণ কৰিলো। এনেবোৰ দিশত চৰকাৰে অতিশীঘ্ৰে নীতি নিৰ্ধাৰণ কৰি আমাক অৱগত কৰিব বুলি আশা কৰিছোঁ
বুলি অসম সচিবালয় সেৱা সন্হাৰ সভাপতি প্ৰদীপ গগৈ আৰু সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই এই প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰে।
আপোনালোকৰ মাধ্যমৰ জড়িয়তে কাৰ্যালয়ৰ ওচৰত থকা বিষয়া কৰ্মচাৰীসকলক জনতা ভৱনলৈ সমূহ খোজ কাঢ়ি কৰ্মত নিয়োজিত হবলৈও সন্হাৰ তৰফৰ পৰা সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই আহ্বান জনায়।