ষ্টাফৰিপৰ্টাৰ, জনতা ভৱনত মঙলবাৰে সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সাধাৰণ প্ৰশাসন বিভাগৰ সচিব জি ডি লস্কৰক তদন্তৰ দায়িত্ব অৰ্পণ কৰে।জনতা ভৱন চৌহদৰ ভিতৰত অগ্নিকাণ্ডৰ দৰে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে এটা ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। জনতা ভৱনৰ প্ৰতিটো ব্লকৰে বিদ্যুৎ ব্যৱস্থাপনাৰ বাবে “Single Switching” ব্যৱস্থা সংস্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।