ৰাজ্যত বাল্যবিবাহৰ নিৰ্মূলৰ বাবে চৰকাৰে বাৰে বাৰে চেষ্টা চলোৱাৰ পাছতো মহিলাৰ বিৰুদ্ধে অপৰাধ তুংগত আছে।
এইবাৰ এক জঘন্য কাণ্ড সংঘটিত হ’ল নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত কদমণি পথাৰ গাঁৱত।
নিজৰ ভতিজা বোৱাৰীকে যৌন নিৰ্যাতনৰ চেষ্টা খুৰা শহুৰেকৰ।
ভতিজাক কৰ্মসূতে বাহিৰলৈ যোৱাৰ সময়তে ভতিজা বোৱাৰীক নিৰ্যাতনৰ চেষ্টা চলায় লম্পটজনে।
কিন্তু সাহসী মহিলাগৰাকীয়ে সহায়ৰ বাবে অপেক্ষা নকৰি ধাৰাল ব্লেডেৰে কাটি পেলায় বলাৎকাৰৰ চেষ্টা চলোৱা লম্পট খুৰা শহুৰেকৰ যৌনাংগ।
বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে নূৰ হুছেইন নামৰ লম্পটজন।
ভুক্তভোগী মহিলাগৰাকীয়ে এই গোচৰৰ সন্দৰ্ভত বটাদ্ৰৱা থানাত এফআইআৰ দাখিল কৰিছে।
লগতে জানিব পৰা মতে নুৰ হুছেইন ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলা ইউনিটৰ সদস্য।
