জখলাবন্ধাত নৈশ বাছৰ পৰা উদ্ধাৰ ৫ লক্ষাধিক টকা মূল্যৰ গাঞ্জা! দুজনক আটক

282

শনিবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

এক গোপন খবৰৰ ভিত্তিত কলিয়াবৰ মহকুমা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এআৰ ২০ ৮০২৭ নম্বৰৰ এখন নৈশ বাছৰ পৰা ১৬.৫৪০ গ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৫ লাখ।

ইফালে এই গাঞ্জা সৰবৰাহৰ অভিযোগত দুজন যুৱককো আটক কৰে আৰক্ষীয়ে। ধৃত দুয়োজনৰ পৰিচয় মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ছাদ্দাম হুছেইন আৰু জিয়াৰুদ্দিন বুলি জানিব পৰা গৈছে।