ছয় জনগোষ্ঠী জনজাতি কৰণৰ দাবীত দিশপুৰত প্ৰতিবাদ

116

অসম বিধান সভাৰ গ্ৰীষ্ম কালীন অধিবেশনৰ আজি দ্বিতীয় ।অধিবেশৰ দ্বিতীয় দিনটোত জনজাতিকৰণৰ মৰ্য্যদা বিচাৰি ৬টাকৈ সংগঠনে আজি উত্তাল কৰি তোলে লাষ্ট গেট ।
উল্লেখযোগ্য যে অসমৰ ছয়টা জনগোষ্ঠীক জনজাতি কৰণৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে কেইবাটাও জনগোষ্ঠীয় সংগঠনে । একেই দাবী পূৰণৰ দাবীত আজি পুনৰ লাষ্ট গেটত জনগোষ্ঠীয় ঐক্যমঞ্চৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰি দিল্লী দিশপুৰক সকীয়াই দিয়ে । আনহাতে প্ৰতিবাদ স্থলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে দেশৰ প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ ।উল্লেখযোগ্য যে আজিৰ প্ৰতিবাদ স্থলীত জনগোষ্ঠীয় ঐক্য মঞ্চৰ হৈ চুতীয়া যুৱ সন্মিলন অসম,সদৌ মৰাণ ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, মটক যুৱ সন্মিলন, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধি উপস্থিত থাকে ।