কামৰূপ জিলাৰ ছয়গাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰাসহ ৩ জনক আটক কৰিবলৈ সক্ষম হয়।
এএছ ০১ চিচি ১৯৩৪ নম্বৰৰ এখন টাটা মেজিক বাহনেৰে সৰবৰাহ কৰি থকাৰ সময়ত আৰক্ষীয়ে অভিযান চলাই ২৯ কার্টন অবৈধ সুৰা জব্দ কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে লোক কেইজন ক্ৰমে- কৃষ্ণ কলিতা, নন্দ দাস আৰু অৰূপ দাস বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বাহনখনো জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
