ছয়গাঁৱত জুৱাত ব্যৱহৃত সামগ্ৰীসহ আটক ৩ জুৱাৰী

98

ছয়গাঁৱৰ চাম্পুপাৰা বজাৰত মঙলবাৰে অতৰ্কিত অভিযান চলাই ছয়গাঁও আৰক্ষীয়ে তিনি জুৱাৰীক আটক কৰাৰ লগতে জুৱাখেলত ব্যৱহৃত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে জুৱাৰীকেইটাক।

উল্লেখ্য যে, চাম্পুপুৰা বজাৰত অবৈধভাৱে জুৱা খেল বহা সন্দৰ্ভত দীৰ্ঘ দিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছিল। অভিযানকালত আৰক্ষীয়ে আটক কৰা ধৃত জুৱাৰী কেইটা ক্ৰমে কলহীকাষ গাঁৱৰ আব্দুল জলিলৰ পুত্ৰ ইনামূল হক (২২), চাম্পুপাৰা গাঁৱৰ ক্ৰমে বাদশা শ্বেখৰ পুত্ৰ মহিৰুদ্দিন (২৯) আৰু ছিৰাজ আলীৰ পুত্ৰ জয়দুৰ আলী (৩০) বুলি জানিব পৰা গৈছে।