ছোপিয়ানত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী

70

জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। জানিব পৰা মতে, জিলাখনত সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে অভিযান চলায়।

এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষী জোৱানলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তাৰক্ষী জোৱানেও। যাৰ পৰিণতিত এজন সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদীজনৰ পৰা এটা বন্দুক আৰু কেইবাজাই গুলী উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে। অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৰ্তমানো অভিযান অব্যাহত ৰখা হৈছে।