ছোপিয়ানত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত ২ সন্ত্ৰাসবাদী

49

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাত বুধবাৰে পুৱা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যৌথভাৱে অভিযান চলায় জম্মু-কাশ্মীৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে। ছোপিয়ানৰ চুগান এলেকাত এটা সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতেই আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত অভিযান আৰম্ভ কৰে।

অভিযানকালত নিৰাপত্তাৰক্ষীৰ গুলীত দুজন সন্ত্ৰাসবাদী সদস্য নিহত হয় বুলি জানিবলৈ দিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। সন্ত্ৰাসবাদী দুজন কোনটো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত সেয়া এতিয়া জানিব পৰা হোৱা নাই। বৰ্তমানেও অঞ্চলটোত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।