ছোনীয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ বিয়োগ

229

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ শনিবাৰে (২৭ আগষ্ট) ইটালীৰ নিজ গৃহত মৃত্যু হয় বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে জনায়।

মঙলবাৰে (৩০ আগষ্ট) শেষকৃত্য সম্পন্ন কৰা হয়।

কংগ্ৰেছ অধ্যক্ষা গৰাকীয়ে ২৩ আগষ্টত ৰাওনা হৈছিল ৯০ বছৰ বয়সত অসুস্থ মাতৃক চাবলৈ। ছোনিয়া গান্ধী, তেওঁৰ পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰা ইতিমধ্যে বহিঃৰাজ্যত আছে আৰু তেওঁৰ গৃহ চহৰ পৰিদৰ্শন কৰে।