ছোনিয়ালৈ পত্ৰ লিখা কংগ্ৰেছ নেতাৰ বিজেপিৰ সৈতে আছে সম্পৰ্ক: সঁচাকৈয়ে ৰাহুলে কৈছে নেকি এই কথা?

99

ডিজিটেল ডেস্কঃ কাৰ হাতলৈ যাব কংগ্ৰেছৰ নেতৃত্ব। এসময়ত ভাৰতীয় ৰাজনীতিত আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল হিচাপে পৰিচিত কংগ্ৰেছৰ অৱস্থা এতিয়া শোচনীয়। দুবাৰকৈ লোকসভা নিৰ্বাচনত পূৰ্ণ মুখ থেকেচা খোৱা কংগ্ৰেছৰ অস্তিত্ব যে এতিয়া সংকটত সেয়া বুজিবলৈ কাৰো বাকী নাই। শেহতীয়াকৈ মণিপুৰত বিজেপিৰ এন বীৰেণ সিং নেতৃত্বাধীন চৰকাৰ ভংগ কৰাৰ বাবে চেষ্টা চলাই একক সংখ্যা গৰিষ্ঠতা থকাৰ পিছতো বিফল হয় কংগ্ৰেছ।

কংগ্ৰেছৰ এই চৰম দুৰ্দশাৰ কাৰণ গান্ধী পৰিয়ালৰ পৰম্পৰাগত নেতৃত্ব বুলি অভিযোগ তুলি একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই বৰ্তমানৰ কংগ্ৰেছ অধ্যক্ষ ছোনীয়া গান্ধীলৈ পত্ৰ লিখাৰ পিছতে আজি দিল্লীত কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। মিডিয়াৰ খবৰ অনুসৰি, এই বৈঠক আৰম্ভ হোৱাৰ প্ৰথমতেই কংগ্ৰেছৰ দলীয় কন্দলে পূৰ্ণ ৰূপ পায়। খবৰ অনুসৰি, ৰাহুল গান্ধীয়ে বৈঠকত কয় যে যিসকল কংগ্ৰেছ নেতাই দলৰ নেতৃত্বৰ সংশোধন বিচাৰি ছোনীয়া গান্ধীলৈ পত্ৰ লিখিছে, সেইসকল নেতাৰ বিজেপিৰ সৈতে উঠা-বহা আছে। অৱশ্যে বৈঠকত ৰাহুল গান্ধীয়ে এনে কোনো মন্তব্য কৰা নাই বুলি পিছত কংগ্ৰেছে স্পষ্ট কৰি দিছে।

উল্লেখ্য যে, দলৰ নেতৃত্বৰ লগতে কাম-কাজৰ সংশোধন বিচাৰি যি সকল জ্যেষ্ঠ নেতাই ছোনীয়া গান্ধীলৈ পত্ৰ লিখিছিল, সেই সকলৰ ভিতৰত জ্যেষ্ঠ নেতা শশী থৰুৰ, কপিল চিব্বল, গুলাম নবী আজাদ, পৃথ্বিৰাজ চৌহান, বিবেক তনখা আৰু আনন্দ শৰ্মাও আছে। প্ৰণিধানযোগ্য যে, জ্যেষ্ঠ নেতা গুলাম নবী আজাদ সদায় গান্ধী পৰিয়ালৰ বিশ্বস্ত হোৱাৰ লগতে তেওঁ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্যও।

ৱৰ্কিং কমিটীৰ বৈঠকত ৰাহুল গান্ধীয়ে এই মন্তব্য কৰা বুলি মিডিয়াত খবৰ প্ৰচাৰ হোৱাৰ পিছতে টুইটযোগে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে জ্যেষ্ঠ নেতা কপিল চিব্বলে। চিব্বলে লিখে, ‘ৰাহুল গান্ধীয়ে কৈছে আমাৰ বিজেপিৰ সৈতে মিলা মিছা আছে। ৰাজস্থান উচ্চ ন্যায়ালয়ত আমি কংগ্ৰেছৰ সফলতাপূৰ্ণ ওকালতি কৰিলো, মণিপুৰত বিজেপিৰ চৰকাৰ ভংগ কৰাৰ বাবে দলীয় ওকালতি কৰিলো। যোৱা ৩০ বছৰতে কেতিয়াও এবাৰলৈও কোনো এক বিষয়তে বিজেপিক সমৰ্থন কৰি মন্তব্য কৰি নাপালো। তাৰ পিছতো কয় যে আমাৰ বিজেপিৰ সৈতে মিলা মিছা আছে!’

ইফালে কপিল চিব্বলৰ এই টুইটৰ পিছতে দলৰ জ্যেষ্ঠ প্ৰৱক্তা ৰণদ্বীপ সুৰজেৱালাই কয় যে মিডিয়াত ৰাহুল গান্ধীয়ে যি মন্তব্য কৰা বুলি প্ৰচাৰ কৰা হৈছে, সেয়া সম্পূৰ্ণ ভুল প্ৰচাৰ। ৰাহুল গান্ধীয়ে তেনে কোনো মন্তব্য কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে সুৰজেৱালাই।