ছেণ্ডেলৰে কোৱাই লপাথপা এইবাৰ লাট মণ্ডল ইছলামক

81

কালৰো কাল বিপৰীত কাল।
ৰঙা হৈ পৰিল এইবাৰ নজৰুল ইছলামৰ গাল।

মহিলাৰ ক্ষোভত এইবোৰ নজৰুল ইছলাম।
ছেণ্ডেলৰে কোৱাই লপাথপা এইবাৰ লাট মণ্ডল ইছলামক

বিলাসীপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। দীর্ঘ দিনীয়া অভিযোগৰ মূল খলনায়ক নজৰুল ইছলামক এইবাৰ নিজ কাৰ্যালয়ৰ ভিতৰতে পৰিল উত্তম মাধ্যম।

বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰত লাট মণ্ডলৰ গালত ৰাইজৰ ছেণ্ডেলৰ কোৱ।
টকাৰ বিনিময়ত এজনৰ মাটি আন এজনৰ নামত কৰি দিয়াৰ অভিযোগত।
স্থানীয় ৰাইজে গ্রহণ কৰিলে এই পদক্ষেপ।
পূর্বেও বহু সময়ত অভিযোগ উত্থাপন হৈছিল এইজন নজৰুল ইছলামৰ বিৰুদ্ধে। টকাৰ বিনিময়ত মাটি সংক্ৰান্ত যিকোনো কাম কৰিব পাৰে এইজন নজৰুল ইছলামে। কিদৰে ৰাইজৰ ৰোষত পৰিল নজৰুল ইছলাম আকৌ এবাৰ দেখাই লৈছোঁ সেই দৃশ্য। ছেণ্ডেলৰ কোৱত ৰঙা হৈ পৰিল লাট মণ্ডল নজৰুল ইছলাম। আৰু এই সময় ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়।
ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু অভিযুক্ত নজৰুল ইছলামক থানালৈ লৈ যায়।