লখিমপুৰৰ বিহপুৰীয়াত শোকাবহ ঘটনা।
দ্ৰুতবেগী আল্ট্ৰা বাছৰ খুন্দাত মৃত্যু এগৰাকী মহিলা সংবাদকৰ্মীৰ।
দুৰ্ঘটনাত আহত যুৱতীগৰাকীৰ পিতৃও।
জানিব পৰা মতে, পিতৃৰ সৈতে মাংস কিনিবলৈ যাওতেই সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত সংবাদকৰ্মীগৰাকীৰ পৰিচয় ডলী হাজৰিকা বুলি জানিব পৰা গৈছে।
গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল ডলী।
৪ দিনৰ ছুটী লৈ তেওঁ আহিছিল বিহপুৰীয়াৰ ঘৰলৈ।
পিতৃ দিলীপ হাজৰিকাৰ সৈতে মাংস কিনিবলৈ যোৱাৰ সময়তে দ্ৰুতবেগী আল্ট্ৰা বাছে মহটিয়াই নিয়ে দুয়োকে।
যাৰ ফলত থিতাতে মৃত্যু ঘটে ডলী হাজৰিকাৰ।
বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পিতৃও।