ছিপাঝাৰত পথ এৰি পথাৰত পৰিল তীব্ৰ বেগী আল্টা বাহন।
ছিপাঝাৰৰ মাৰৈত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা
সংঘটিত হয় এই দুৰ্ঘটনা।
মঙ্গলদৈৰ পৰা গুৱাহাটী অভিমূখী মা মনসা নামৰ তীব্ৰ বেগী আল্টা বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পথ এৰি পথাৰৰ পানীত সোমাই পৰে ৷
বাছ খনত থকা ২২ জনকৈ যাত্ৰী ৰাইজৰ তৎপৰাত উদ্ধাৰ কৰা হয় আৰু আহত সকলক ততাতৈয়াকৈ ছিপাঝাৰ সামুহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷
১৫ গৰাকী মান যাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে।