সোমবাৰে ছিংগাপুৰত আৰজেডিৰ অধ্যক্ষ লালু প্ৰসাদৰ বৃক্ক সংৰোপণৰ সফল অস্ত্ৰোপচাৰ কৰা বুলি জানিবলৈ দিয়ে তেওঁৰ পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে।
বিগত কিছুদিন ধৰি অসুস্থ পিতৃৰ কাষত থকা যাদৱে অস্ত্ৰোপচাৰৰ পিছত প্ৰসাদ আৰু তেওঁক এটা বৃক্ক দান কৰা তেওঁৰ জ্যেষ্ঠ ভগ্নী ৰোহিনী আচাৰ্য দুয়োজনেই সুস্থ হৈ থকাত আনন্দ প্ৰকাশ কৰে।
তেওঁ টুইট কৰি কয়, “কিডনী ট্ৰান্সপ্লাণ্টৰ সফল অপাৰেচনৰ পিছত দেউতাক অপাৰেচন থিয়েটাৰৰ পৰা আই চি ইউলৈ স্থানান্তৰ কৰা হৈছে। ড’নাৰ জ্যেষ্ঠ ভগ্নী ৰোহিনী আচাৰ্য আৰু আমাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ঠিকেই আছে। তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰা আৰু তেওঁলোকৰ মংগল কামনা কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো।’’
খাদ্য কেলেংকাৰীৰ কেইবাটাও গোচৰত শাস্তি ভুগি থকা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰসাদ চিকিৎসাজনিত কাৰণত আদালতে প্ৰদান কৰা জামিনত বাহিৰত আছে।