ছাত্ৰ ছাত্ৰীৰ বাবে যোগান দিয়া কিতাপ বিক্ৰী।

129

ছাত্ৰ ছাত্ৰীৰ বাবে যোগান দিয়া কিতাপ বিক্ৰী। প্ৰধান শিক্ষক মুক্তাৰ আলী খানৰ বিৰুদ্ধে কিতাপ বিক্ৰীৰ অভিযোগ স্থানীয় ৰাইজৰ। বিভাগীয় তদন্তৰ জৰিয়তে বিহীত ব্যৱস্থা লোৱাৰ আবেদন।
বৰপেটা জিলাৰ কলগাছিয়া সাওঁৰাচৰা এম কে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাভূত নাশ্ৰুত ঘটনা।

বিতৰ্কই পিছ নেৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্গত সাওঁৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। সময়ে সময়ে বিদ্যালয়ৰ লগতে প্ৰধান শিক্ষকৰ দুৰ্নীতিয়ে বিতৰ্কৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়।

প্ৰধান শিক্ষকে মাজে সময়ে সংবাদমেল পাতি নিজৰ দোষ খণ্ডন কৰিব বিচাৰে যদিও অভিযোগৰ ওপৰত অভিযোগ আহিয়ে থাকে মুক্তাৰ আলী খানৰ ওপৰত।

এইবাৰ আকৌ মুক্তাৰ আলী খানে স্থানীয় ভঙা চিঙা বস্তু ক্ৰয় কৰা ব্যৱসায়ী শ্বাসাজুলৰ হাতত বিক্ৰী কৰে চলিত বৰ্ষৰ কিতাপ পত্ৰ।

মাধ্যহ্ন ভোজনৰ লগতে ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ৰ আনুষ্ঠানিক পোছাক বিতৰণৰ ক্ষেত্ৰতো দুৰ্নীতিৰ লগতে অনিয়ম কৰা দেখা গৈছে। তাতোকৈ আচৰিত বিষয় এই যে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ বাবেও বিদ্যালয়ত নাই শৌচালয়।

এই বিষয়ে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিব গলেই প্ৰধান শিক্ষক মুক্তাৰ আলী খানে চকীৰে কোবাবলৈ উদ্বিত হয় লগতে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ ওচৰে পাজৰে থকা মানুহৰ ঘৰত গৈ শৌচ প্ৰেচাৱ কৰিব লাগে বুলিও মন্তব্য কৰে।

বৰ্ষ ভিত্তি অনুসৰি ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰত্যেক বছৰে বছৰে চৰকাৰে যোগান দিয়া বিনামূলীয়া কিতাপ পত্ৰ বিক্ৰী কৰে প্ৰধান শিক্ষক মুক্তাৰ আলী খানে।

ইপিনে আকৌ কিতাপ পত্ৰ বিক্ৰীৰ সময়ত গোপন কেমেৰা দি সমগ্ৰ দৃশ্য সংৰক্ষণ কৰাৰ লগতে সহ শিক্ষক শওঁকত আলী ভূঞাই বাধা প্ৰদান কৰে। যদিও কোনো ভ্ৰূক্ষেপ নকৰি মাত্ৰ ১৫০০/- টকাত সমুদায় কিতাপ পত্ৰ বিক্ৰী কৰি দিয়ে প্ৰধান শিক্ষক মুক্তাৰ আলী খানে।

পৰৱৰ্তী সময়ত কিতাপ বিক্ৰীৰ গোপন ভিডিঅ’ সাওঁৰাচৰা অঞ্চলৰ ৰাইজৰ মোবাইলে দেখিবলৈ পাই প্ৰধান শিক্ষক মুক্তাৰ আলী খানে এই সম্পৰ্কে এক সংবাদমেল আয়োজন কৰি নিজৰ পৰিচয় নিজেই উদঙাই দিয়ে।

ইপিনে সংবাদমেলত প্ৰধান শিক্ষক মুক্তাৰ আলী খানে অভিযোগ উত্থাপন কৰে যে সহ শিক্ষক শওঁকত আলী ভূঞাই এই কিতাপ বিক্ৰীৰ লগত জড়িত হৈ আছে বুলি মন্তব্য কৰে।

যদিও সহ শিক্ষক শওঁকত আলী ভূঞাৰ লগতে স্থানীয় ৰাইজে কিতাপ বিক্ৰী সম্পৰ্কে উচ্চ স্তৰৰ তদন্ত বিচাৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আবেদনৰ লগতে দোষীৰ উচিত শাস্তি বিচাৰি আবেদন জনায়।