ষ্টাফ ৰিপৰ্টাৰ ৩১ মার্চ। বিজ্ঞান , প্ৰযুক্তি, কাৰিকৰী আৰু গণিত (এছটিইএম)ৰ ক্ষেত্ৰখনত ১০,০০০ ছাত্ৰীৰ দক্ষতা আৰু কেৰিয়াৰৰ অগ্ৰগতিৰ লক্ষ্যৰে চাৰিখন জিলাৰ ৬৫ খন উচ্চ মাধ্যমিক বিদ্যালয়ত ‘ছাত্ৰীৰ বাবে আইবিএম এছটিইএম’ কাৰ্যক্ৰম সূচনা কৰিবলৈ অসম চৰকাৰৰ বিদ্যালয় আৰু গণ শিক্ষা বিভাগৰ সৈতে আইবিএমে (NYSE:IBM) বুজাবুজিৰ চুক্তি (M০U)ত স্বাক্ষৰ কৰাৰ কথা সোমবাৰে ঘোষণা কৰে। এছটিইএম কেৰিয়াৰত ছাত্ৰী আৰু মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ এই সহযোগিতা হৈছে আইবিএম আৰু ভাৰত চৰকাৰৰ মাজৰ তিনি বছৰীয়া কৰ্যক্ৰমৰ এটি অংশ। এই কৰ্যক্ৰমে ডিজিটেল সাক্ষৰতা, ক’ডিং আৰু প্ৰযুক্তি দক্ষতা ; ২১ ,শতিকাৰ দক্ষতা আৰু কেৰিয়াৰৰ উন্নয়নৰ প্ৰশিক্ষণক সামৰি লৈছে। এই সন্দৰ্ভত অসম চৰকাৰৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ আয়ুক্ত আৰু সচিব প্ৰীতম শইকীয়া, আইএএছে কয়”-ভৱিষ্যত প্ৰজন্মৰ চাকৰি সাজু কৰিবলৈ আইবিএমৰ সৈতে অংশীদাৰ হ’বলৈ পাই আমি আনন্দিত হৈছো। ভৱিষ্যতৰ চাকৰিৰ বাবে প্ৰয়োজনীয় দক্ষতা সমূহৰ সৈতে সঠিক শিক্ষাই শিক্ষাৰ্থী সকলক উপযোগী কৰি তুলিব”। আনহাতে এই সন্দৰ্ভত আইবিএম ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ মুৰব্বী মনোজ বালচন্দ্ৰণে কয়”-অসম চৰকাৰ সৈতে আমাৰ সহযোগিতাই শিক্ষাৰ্থী সকলক বজাৰ পৰিৱৰ্তন আৰু উদ্যোগিক প্ৰয়োজনীয়তাৰ সৈতে উৎকৃষ্ট শ্ৰেণীবদ্ধ কৰিব”। আনহাতে, চলিত বৰ্ষৰ মাৰ্চতে, ভাৰতত বিজ্ঞান, প্ৰযুক্তি, কৰিকৰী আৰু গণিত (এছটিইএম) ৰ ক্ষেত্ৰখনত ২০০,০০০ (২লাখ) ৰো অধিক ছাত্ৰীৰ দক্ষতা আৰু কেৰিয়াৰৰ অগ্ৰগতিৰ কাৰণে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণৰ কথাও আইবিএমে আজি ঘোষণা কৰে।