ছাত্ৰীক অশ্লীল মেছেজ কৰা উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন

310

ছাত্ৰীক অশ্লীল মেছেজ কৰি বিতৰ্কৰ সৃষ্টি কৰা উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন কৰিছে উচ্চ শিক্ষা বিভাগে।

বহু বিতৰ্কৰ সৃষ্টি কৰা অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদৰ পিছতে ১৫ দিনৰ বাবে নিলম্বন কৰা হয় অধ্যক্ষ ড০ বিমান চন্দ্ৰ চেতিয়াক। অধ্যক্ষগৰাকীৰ অশ্লীৰ বাৰ্তা আৰু অশ্লীল ফটো ভাইৰেল হৈ পৰাৰ পাছতে অধ্যক্ষগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী তুলিছিল মহিবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহু লোকে।

আনহাতে বৰ্তমানে মহাবিদ্যালয় খনৰ পৰিচালনাৰ বাবে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৰঞ্জৱ কুমাৰ বৰাক।

বিমান চন্দ্ৰ চেতিয়াৰ বিৰুদ্ধে উত্থাপিত হোৱা উভিযোগ নিষ্পত্তি নোহোৱা পৰ্যন্ত এতিয়া লখিমপুৰ মহাবিদ্যালয়খনৰ দায়িত্বৰ থাকিব ৰঞ্জন কুমাৰ বৰা।