ছলমানৰ ভগ্নী অৰ্পিতাৰ ৫ লাখ টকাৰ হীৰাৰ কাণফুলি চুৰি, ঘৰুৱা সহায়কক গ্ৰেপ্তাৰ

204

ছলমান খানৰ ভগ্নী অৰ্পিতা খান শৰ্মাই ঘৰৰ পৰা ৫ লাখ টকাৰ হীৰা কাণফুলি চুৰি হোৱাৰ পিছতে মুম্বাই আৰক্ষীক এজাহাৰ দাখিল কৰে।

অৰ্পিতাৰ ঘৰৰ সহায়ক হিচাপে কাম কৰি থকা সন্দীপ হেগড়ে নামৰ এজন ৩০ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।

অভিযোগত অৰ্পিতাই কৈছিল যে তেওঁৰ হীৰা কাণফুলি মেকআপ ট্ৰেত ৰখা হৈছিল আৰু তাৰ পৰাই সন্ধানহীন হৈছিল।