ছবিৰ শ্বুটিঙৰ সময়তে উচ্চতাৰ পৰা পৰি মৃত্যু ষ্টাণ্ট মাষ্টাৰৰ…

230

ডিজিটেল ডেস্কঃ ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণ গ’ল এগৰাকী ষ্টাণ্ট মাষ্টাৰৰ।

শনিবাৰে তামিলনাডুৰ চেন্নাইৰ ভাণ্ডালুৰ সমীপৰ উনামাঞ্চেৰী গাঁৱত আহিবলগীয়া এখন ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে তামিল ছবি জগতৰ প্ৰবীণ ষ্টাণ্ট মাষ্টাৰ এছ সুৰেশ (৫৪)ৰ।

জানিব পৰা মতে, পৰিচালক ভেট্টিমাৰণৰ আহিবলগীয়া তামিল ছবি বিদুঠলাইৰ এটা ষ্টাণ্ট ছিকুৱেন্সৰ শনিবাৰে শ্বুটিং চলিছিল ভাণ্ডালুৰ সমীপৰ উনামাঞ্চেৰী গাঁৱত।

ষ্টাণ্ট ছিকুৱেন্সত ষ্টাণ্ট মাষ্টাৰ এছ সুৰেশে কেইবাফুট উচ্চতাৰ পৰা ৰচীত ধৰি জঁপিয়াব লাগিছিল যদিও জাঁপ দিয়াৰ সময়তে হঠাৎ ৰচীডাল চিগি যোৱাৰ ফলত কেইবা ফুট ওপৰৰ পৰা পৰি তেওঁ গুৰুতৰভাৱে আহত হয়।

লগে লগে এছ সুৰেশক নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয় যদিও তেতিয়ালৈকে মৃত্যু ঘটে প্ৰবীণ ষ্টাণ্ট মাষ্টাৰগৰাকীৰ।

এটি কন্যা সন্তানৰ পিতৃ সুৰেশৰ মৃত্যুৱে ছবিখনৰ পৰিচালক-প্ৰযোজকৰ লগতে কলা-কুশলী সকলোকে শোকস্তব্ধ কৰি তুলিছে।

ছবিৰ প্ৰযোজক আৰু পৰিচালকে সুৰেশৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰো প্ৰতিশ্ৰুতি দিয়া বুলি জানিব পৰা গৈছে।