ছবছৰীয়া অসম আন্দোলনে জন্ম দিয়া অগপইহে প্ৰকৃততে চিন্তা কৰে ৰাইজৰ কথাঃ কেশৱ মহন্ত

84

‘কা’ আন্দোলনৰ গইনা লৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দলে নহয়, ছবছৰীয়া অসম আন্দোলনৰ পিছত জন্ম হোৱা অসম গণ পৰিষদহে আজিও ৰাইজৰ লগত আছে আৰু ৰাইজৰ কথা চিন্তা কৰি আহিছে। -এই মন্তব্য অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ। দেওবাৰে টীয়কত আয়োজিত বিশাল ঐক্য সমাৰোহত অংশ লৈ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলসমূহক এনেদৰে ক্ষুৰধাৰ সমালোচনা কৰে অগপ নেতাগৰাকীয়ে।

প্ৰায় দহ সহস্ৰাধিক লোক উপস্থিত থকা এই ঐক্য সমাৰোহত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰাৰ ভাষণৰ বিষয় পুনৰ এবাৰ কংগ্ৰেছ হৈ পৰা দেখা যায়। কংগ্ৰেছক কোৰোনা ভাইৰাছতকৈও ভয়ানক আখ্যা দি অতুল বৰাই কয় যে কংগ্ৰেছে এতিয়া ভাইৰাছ খেদিবলৈ আজমলৰ জৰা পানী খাইছে।

অগপ দলে পূৰ্বে কৰা ভুলৰ বাবে ৰাইজৰ ওচৰত ক্ষমাও বিচাৰে সভাপতিগৰাকীয়ে। কংগ্ৰেছে স্তব্ধ কৰা উন্নয়নৰ ধাৰা বিজেপিৰ সৈতে সহযাত্ৰী হৈ অগপই পুনৰ বোৱাবলৈ সক্ষম হৈছে বুলি তেওঁ দাবী কৰে। তেওঁ কয় যে, অগপ আৰু বিজেপিৰ মিত্ৰতা অহা নিৰ্বাচনক লৈ অক্ষুন্ন থাকিব, সেয়ে সমূহীয়াভাৱে ক্ষমতা দখলৰ ৰণনীতি তৈয়াৰ কৰা হৈছে।

উল্লেখ্য যে, বৰ্তমান মিত্ৰজোঁটৰ অগপ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ অধীনত থকা টীয়ক সমষ্টিত এইবাৰ বিজেপিও পৃথকে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে সমষ্টিটোৰ বিজেপি নেতা-কৰ্মীয়ে। আনহাতে আগন্তুক নিৰ্বাচনত অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে বুলিও এক চৰ্চা চলিছে।