ষ্টাফৰিপ’ৰ্টাৰ মহানগৰীৰ জি এছ ৰোড, খ্ৰীষ্টানবস্তিস্থিত ছ’নী চেণ্টাৰ গুৱাহাটীয়ে সফলতাৰে ২০ টা বৰ্ষ অতিক্ৰম কৰিলে। এই যাত্ৰা সন্দৰ্ভত আৰ এন এছ গ্রুপ তথা ছ’নী চেণ্টাৰ গুৱাহাটীৰ সঞ্চালক ৰাজীৱ জৈনে কয়” কুৰিটা বৰ্ষ এক উল্লেখনীয় যাত্রা হিচাপে চিহ্নিত হৈছে। ছ’নীৰ প্ৰিমিয়ম সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত ছ’নী চেণ্টাৰ গুৱাহাটীয়ে ‘ওৱান ষ্ট’প কেন্দ্ৰ’ হিচাপে চিহ্নিত হৈছে। গ্ৰাহকৰ পৰা উল্লেখনীয় সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে এই চেণ্টাৰে”। তেওঁ লগতে কয়”-গ্ৰাহকক উন্নত আৰু ৰুচিসম্পন্ন সেৱা আগবঢ়োৱাটো আমাৰ কৰ্তব্য”। উক্ত কেন্দ্ৰটোত ছ’নীৰ বিভিন্ন প্ৰকাৰৰ টিভি, কেমেৰা, অডিঅ’,আদি বিভিন্ন ধৰণৰ সামগ্রী উপলব্ধ হৈছে। ছ’নী চেণ্টাৰ গুৱাহাটীয়ে গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি সামগ্ৰীৰ বদলিৰ ব্যৱস্থা কৰাৰ লগতে কিস্তি ভিত্তিত সামগ্রী ক্ৰয় কৰাৰ সুবিধা উপলব্ধ কৰিছে। উল্লেখযোগ্য যে, অসমত ৭ খন ছ’নীৰ সেৱা কেন্দ্ৰ আছে। তিনিখন ছ’নীৰ খুচুৰা ব্যৱসায় প্ৰতিষ্ঠান আছে। ছ’নী ইণ্ডিয়া প্ৰাইভেট লিমিটেডে দেশৰ ভিতৰতেই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
Latest article
ভাৰতত মুকলি হ’ল ৰেডমি এ৫: এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ পট পৰিৱৰ্তক
জিয়াওমি ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত ৰেডমি এ৫, এণ্ট্ৰি-লেভেল স্মাৰ্টফোন শাখাত এক নতুন মানদণ্ড স্থাপন কৰিছে। ১২০ হাৰ্জ হাই-ৰিফ্ৰেছ-ৰেট ডিচপ্লে, ৩২ মেগাপিক্সেল এআই ডুৱেল...
ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ দ্বিতীয় ছিজনৰ বাবে মুকলি হ’ল ৰাইডাৰৰ পঞ্জীয়ন
ভাৰতৰ প্ৰিমিয়াৰ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ প্লেটফৰ্ম ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ অধিক বৃহত্ আৰু অধিক ৰোমাঞ্চকৰ ছিজন ২ৰ বাবে সাজু হৈছে। ২০২৫ৰ ২৪ এপ্ৰিলত ৰাইডাৰ...
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ বহাগ বিহু
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ ব'হাগ বিহু। ব'হাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰে উৰুকা। বুধবাৰে মৰাণসকলে পালন কৰে গৰু বিহু। বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ মৰাণ...