বুধবাৰে ছত্তীশগড়ত মাওবাদীয়ে সংঘটিত কৰা আই ই ডি বিস্ফোৰণত ১০ জন নিৰাপত্তাৰক্ষী আৰু এজন চালকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে দন্তেৱাড়াৰ অৰণপুৰ অঞ্চলত।
সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে কয়, ‘আমাৰ লগত এনেকুৱা তথ্য আছে। বৰ দুখৰ কথা। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। এই যুঁজখন শেষ পৰ্যায়ত। নক্সালক ৰেহাই দিয়া নহ’ব।”
ইয়াৰ উপৰিও টুইটাৰত মুখ্যমন্ত্ৰীয়ে কয়, “মাওবাদীৰ উপস্থিতিৰ তথ্যত নক্সাল বিৰোধী অভিযানৰ বাবে আহি পোৱা ডি আৰ জি বাহিনীত আই ই ডি বিস্ফোৰণৰ ফলত আমাৰ ১০ জন ডি আৰ জি জোৱান আৰু এজন চালকৰ শ্বহীদ হোৱাৰ খবৰ অতি দুখজনক। আমি ৰাজ্যবাসীয়ে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোকৰ পৰিয়ালৰ দুখত আমি সকলোৱে সমভাগী। তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক।”
বিস্ফোৰণৰ স্থান ৰাজ্যৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰত্বত।
নিহত নিৰাপত্তাৰক্ষীসকল আছিল মাওবাদী বিৰোধী অভিযান চলাবলৈ গঠন কৰা ৰাজ্যিক বাহিনী জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি)ৰ জোৱান।
অৰণপুৰত মাওবাদীৰ উপস্থিতিৰ খবৰৰ ভিত্তিত ডি আৰ জিৰ এটা দল মাওবাদী বিৰোধী অভিযান চলাবলৈ গৈছিল। দলটোৱে এখন বাহনত নিজৰ মুখ্য কাৰ্যালয়লৈ উভতি আহি থকা অৱস্থাত অৰণপুৰ পথত ৰোপণ কৰা আই ই ডি বিস্ফোৰণত ১১ জন জোৱান নিহত হয়।
