ছ’চিয়েল মিডিয়াৰ হিৰ’ দিল্লী আৰক্ষীৰ বিষয়া সীমা ঢাকা…

85

ডিজিটেল ডেস্ক: দিল্লীৰ সাম্যপুৰ বদলি আৰক্ষী থানাৰ হেড কনিষ্টব সীমা ঢাকা। এতিয়া সীমা ছচিয়েল মিডিয়াত নতুন হিৰ’। সীমাৰ দুঃসাহসিক সফলতাৰ বাবে সমগ্ৰ দেশে জনাইছে ছেল্যুট।

বিগত ৩ মাহত নিৰুদ্দেশ হোৱা প্ৰায় ৭৬ টি শিশুক বিচাৰি উলিয়াইছে সীমাই। উদ্ধাৰ হোৱা শিশুসকলৰ ভিতৰত ৫৬ টিৰ বয়স ১৪ বছৰতকৈ কম। ইমান কম সময়ত এনেকুৱা সাফল্যৰ বাবে দিল্লী আৰক্ষীয়ে ইতিমধ্যে সীমাক পুৰস্কৃত কৰিছে। যাৰ বাবে ছচিয়েল মিডিয়াত সকলোৱে প্ৰশংসাৰে উপচাইছে মহিলা আৰক্ষী সীমাক।

প্ৰতি বছৰে দিল্লীত নিখোজ হয় বহু শিশু। তেওঁলোকক বিচাৰি উলিয়াবলৈ বিগত ৫ আগষ্টত আৰম্ভ কৰা হয় বিশেষ ইনচেণ্টিভ স্কীম। দিল্লী আৰক্ষীৰ আয়ুক্ত এছ এন শ্ৰীবাস্তৱে আৰম্ভ কৰিছিল এই বিশেষ ইনচেণ্টিভ স্কীমখন। য’ত সফলতাৰ ওপৰত ভিত্তি কৰি আৰক্ষীক সময়ৰ পূৰ্বেই পদোন্নতি দিয়া হ’ব বুলি ঘোষণা কৰা হৈছিল। এই আঁচনিৰ অধীনত পদোন্নতি হোৱা সীমা ঢাকা হৈছে প্ৰথমগৰাকী আৰক্ষী।