ছ’চিয়েল মিডিয়াযোগে অডিঅ’ ক্লিপ প্ৰেৰণ কৰি পত্নীক দিলে ‘তিনি তালাক’…

89

বাংগালুৰুঃ কেন্দ্ৰীয় মোডী চৰকাৰৰ সফল আৰু যুগান্তকাৰী সিদ্ধান্তৰ ভিতৰত ধৰা হয় মুছলমান সমাজৰ তিনি তালাক প্ৰথাৰ বিলুপ্তি। কিন্তু চৰকাৰে এই প্ৰথা বন্ধ কৰিলেও আজিও একাংশ মুছলিম সমাজত তিনি তালাক প্ৰথাৰ প্ৰভাৱ দেখা যায়। শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে কৰ্ণাটকৰ উডুপ্পি জিলাত। এজন লোকে মাত্ৰ এটা অডিঅ’ ক্লিপ প্ৰেৰণ কৰিয়েই পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰো সৃষ্টি কৰিছে।

জানিব পৰা মতে, ২০১০ বৰ্ষতে বিবাহ পাশত আবদ্ধ হৈছিল উডুপ্পিৰ ছিৰ্বা অঞ্চলৰ শেখ মহম্মদ ছলীম আৰু স্বপ্ৰাজৰ। এটি কন্যা সন্তানৰ পিতৃ-মাতৃ দুয়োজনে কৰ্মসূত্ৰে ছৌদি আৰৱৰ দম্মামৰ নিৱাসী আছিল। কিন্তু অইন এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক থকাৰ পৰিপ্ৰেক্ষিতত শেখ মহম্মদ ছলীমে যোৱা জুলাই মাহত ভাৰতলৈ উভতি আহে পত্নী স্বপ্ৰাজক ছৌদি আৰৱতে এৰি।

আনহাতে ভাৰতলৈ আহিয়েই শেখ মহম্মদে ছ’চিয়েল মিডিয়াযোগে পত্নীলৈ এটা অডিঅ’ ক্লিপ প্ৰেৰণ কৰি তিনি তালাক প্ৰথাৰে বিবাহ বিচ্ছেদ কৰে। এই ঘটনাৰ পিছতে স্বপ্ৰজাই শেখ মহম্মদৰ বিৰুদ্ধে অনলাইনযোগে ছিৰ্বা থানাত এখন এজাহাৰ দাখিল কৰে। অভিযোগৰ পিছত আৰক্ষীয়ে অভিযুক্ত শেখ মহম্মদ ছলীমক আটক কৰে।