ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

95

ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি ৰঙাঘৰৰ আলহী হল যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী অভিলাষ দত্ত। বিজেপিৰ এজন নেতাৰ অভিযোগৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিলাষ দত্ত নামৰ যুৱকজনক।

জানিব পৰা মতে, ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সম্পৰ্কীয় এটা পোষ্টত আপত্তিজনক মন্তব্য কৰিছিল যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ চৰকাৰী কৰ্মচাৰী অভিলাষ দত্তই। তাৰ পিছতে সেই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিজেপিৰ কৰ্মীয়ে প্ৰথমে অভিলাষ দত্তক সেই মন্তব্য ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাবলৈ আহ্বান জনায় যদিও মন্তব্য ডিলিট কৰিবলৈ অস্বীকাৰ কৰে যুৱকজনে। আনকি ওলোটাই বিজেপি কৰ্মীক ভয়-ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন হয় অভিলাষৰ বিৰুদ্ধে।

ইফালে যুৱকজনৰ বিৰুদ্ধে যোৰহাট বিজেপিৰ গ্ৰাম্য মণ্ডলৰ অ’বিচি মৰ্চাৰ সাধাৰণ সম্পাদক বিনয় লিখকে যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে শনিবাৰে নিশা যোৰহাট নগৰৰ পূব বঙালপুখুৰীস্থিত ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিলাষ দত্ত নামৰ যুৱকজনক।