ছ’চিয়েল মিডিয়াই সুদিন ঘূৰাই আনিলে ‘বাবা কা ধাবা’লৈ…

121

ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াই কি কৰিব নোৱাৰে! ছ’চিয়েল মিডিয়াই মানুহক মানুহৰ সৈতে সংযুক্ত কৰে। তাৰেই যেন উদাহৰণ হৈ পৰিল দক্ষিণ দিল্লীৰ মালব্য নগৰৰ বাবা কা ধাবা। এহাল বৃদ্ধ দম্পত্তিয়ে ১৯৯০ চনৰ পৰাই চলাই আহিছে বাবা কা ধাবা নামৰ সৰু ষ্টলখন। য’ত ভাত, ৰুটী সকলোবোৰ পায়।

৮০ বৰ্ষীয় কান্তা প্ৰসাদ আৰু তেওঁৰ পত্নী বাদামী দেৱীয়ে চলাই অহা এই সৰু ষ্টলখন হঠাৎ যেন বন্ধ হোৱাৰ উপক্ৰম ঘটিছিল। লকডাউনৰ পিছৰ পৰ্যায়ত ‘বাবা কা ধাবা’লৈ আহিবলৈ এৰি দিছিল গ্ৰাহকে। যাৰ বাবে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখন হৈছিল দম্পত্তিহাল। ৰন্ধা বস্তুবোৰ গ্ৰাহকৰ অভাৱত পেলাই দিব লগা হৈছিল। এজন গ্ৰাহকৰ অপেক্ষাতে দুয়ো পাৰ কৰিছিল দিনৰ দিনটো।

কিন্তু কিছুদিন পূৰ্বে কান্তা প্ৰসাদ আৰু বাদামী দেৱীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। য’ত কান্দি কান্দি গ্ৰাহক নথকাৰ বাবে ভুগিবলগীয়া হোৱা সমস্যাবোৰ বৰ্ণাইছিল বৃদ্ধ কান্তা প্ৰসাদে। এই ভিডিঅ’টো ইমানেই ভাইৰেল হৈ পৰে যে, পৰৱৰ্তী সময়ত কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেই ‘বাবা কা ধাবা’ক লৈ বাতৰি প্ৰচাৰ কৰে।

তাৰ পিছতেই যেন ভাগ্যৰ দুৱাৰ পুনৰ খোল খালে বৃদ্ধ দম্পত্তিহালৰ। যিখন দোকানত কিছুদিন আগলৈকে গ্ৰাহকৰ অভাৱত ৰন্ধা খাদ্যবস্তু পেলাই দিবলগা হৈছিল, এতিয়া সেই সৰু দোকানখনতে যেন ভিৰ কৰিলে সমগ্ৰ ভাৰতবৰ্ষই। ছ’চিয়েল মিডিয়াৰ প্ৰভাৱত এতিয়া গ্ৰাহকক শুশ্ৰুষা কৰি আহৰি নোপোৱা অৱস্থা হৈছে কান্তা প্ৰসাদ আৰু বাদামী দেৱীৰ।

‘এটা সময়ত গ্ৰাহকৰ বাবে আমি অপেক্ষা কৰিব লাগিছিল, তথাপি গ্ৰাহক নাছিল। কিন্তু আজি গোটেই দেশ যেন আমাৰ সৈতে থিয় দিছে। আমি বহু সুখী।’ -বাবা কা ধাবাৰ মালিক কান্তা প্ৰসাদে এইদৰে ব্যক্ত কৰে নিজৰ সুখানুভূতি। বাদামী দেৱীও এতিয়া যথেষ্ট সুখী।

আপুনিও যদি দক্ষিণ দিল্লীৰ মালব্য নগৰলৈ কেতিয়াবা যায়, তেন্তে ‘বাবা কা ধাবা’ বুলি লিখি ৰখা সৰু ষ্টলখনলৈ নিশ্চয় এপাক যাব আৰু কান্তা প্ৰসাদ আৰু বাদামী দেৱীয়ে ৰন্ধা এসাজ খাই আহিব।