চৰাইবাহী মহাবিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ সফল সামৰণি

72

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চৰাইবাহী মহাবিদ্যালয়ৰ ইংৰাজী আৰু অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ গুণগত মান নিৰ্ণায়ক কোষৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ”উত্তৰ পূৰ্বাঞ্চলত লিঙ্গ সমতা, সমস্যা, কৌশল আৰু উপায়” শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰখনিৰ আজি প্ৰবক্তা আৰু গৱেষক ছাত্ৰ ছাত্ৰীৰ গৱেষণামূলক পত্ৰ পাঠেৰে সামৰণি পৰে৷

দুদিনীয়াকৈ চৰাইবাহী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাচক্ৰখনিৰ আৰম্ভণিতে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গণেশ চন্দ্ৰ মেধি আৰু চৰাইবাহী শঙ্কৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথে বন্তি প্ৰজ্বলনেৰে আলোচনাচক্ৰখনিৰ আৰম্ভ কৰে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথে আদৰণি ভাষণ প্ৰদান কৰা আলোচনাচক্ৰখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি লিঙ্গ সমতা, সমস্যা, কৌশল আৰু ইয়াৰ উপায় বিষয়ত বিশদভাৱে আলোচনা আগবঢ়াই গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° ৰাখী কলিতা মৰল, শঙ্কৰদেৱ বিশ্ব বিদ্যালয়ৰ প্ৰধ্যাপক নিত্যানন্দ পাটনায়ক আৰু মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ক্ৰমে ড° নীলমণি ফুকন আৰু ড° দিগন্ত কুমাৰ নাথে৷

অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ ১৫০ গৰাকীতকৈ অধিক অধ্যাপক-অধ্যাপিকা আৰু গৱেষক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় পৰ্য্যয়ৰ আলোচনা চক্ৰখনিত চৰাইবাহী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° কমল চন্দ্ৰ নাথ, উপ- সভাপতি মাধৰাম কাকতি, সমন্বয়ক ড° বিজয় কুমাৰ নাথ, সংযোজক প্ৰাঞ্জল হাজৰিকা আৰু চৰাইবাহী মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ইন্দ্ৰমোহন নাথ উপস্থিত থাকে।