চৰাইদেউ জিলাৰ টিঙালীবাম চাহ বাগিচাত এটি কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। টিঙালীবাম চাহ বাগিচাৰ ১৩ নম্বৰ লাইনত সংঘটিত হয় এই জঘন্য ঘটনা।
জানিব পৰা মতে, সোমবাৰে পুৱা দুই সমনীয়াৰ সৈতে নাগালেণ্ড সীমান্তৰ দিশে খৰি বিচাৰি গৈছিল ১৩নং লাইনৰ শ্ৰমিক মংগলু তাঁতীৰ কন্যা তুলি তাঁতীয়ে। কিন্তু আধা বাটত অচিনাক্ত একাংশ যুৱকে তুলিৰ সমনীয়া দুজনক খেদি পঠিয়ায়।
আনহাতে সাত বছৰীয়া তুলি সন্ধিয়ালৈ ঘৰলৈ উভতি নহাত বিচাৰ খোচাৰ আৰম্ভ কৰে সকলোৱে। যাৰ পিছত বাগিচাৰ মাজত উদ্ধাৰ হয় কন্যা শিশুটিৰ মৃতদেহ। শিশুটিৰ ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন স্পষ্ট হৈ আছে। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই।