চৰাইদেউত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বন্যহস্তীৰ…

198

অসমত অব্যাহত আছে বন্যহস্তীৰ অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত মৃত্যু।

পুনৰ বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যুৰ ঘটনা আহিছে পোহৰলৈ।

চৰাইদেউ জিলাৰ নপুক চাহ বাগিছাৰ সমীপৰ পৰা বিদ্যুৎস্পৃষ্ট হৈ এটা হাতীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাত হাতীটোৰ মৃত্যু হয়।

ওদালগুৰি জিলাৰ পৰাও শুকুৰবাৰে একেধৰণৰ ঘটনা সংঘটিত হয়।

বিদুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি হাতীটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এইটো “ইচ্ছাকৃতভাৱে বিদ্যুৎস্পৃষ্ট” হোৱাৰ গোচৰ বুলি সন্দেহ কৰা হৈছে।

ইয়াৰ লগে লগে ২ সপ্তাহৰ অলপ বেছি সময়ৰ ভিতৰতে অসমত হাতীৰ মৃত্যুৰ সংখ্যা ১৫ টালৈ বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত মানুহৰ বসতিস্থলত হাতী প্ৰৱেশ কৰে।

প্ৰায়ে হাতীৰ এনে ভ্ৰমণৰ ফলত হাতী বা মানুহৰ মৃত্যু হয়।

সাম্প্ৰতিক সময়ত বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যু হোৱাটো এটা ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে।