ডিজিটেল ডেস্ক: বিটিআৰ পৰিষদীয় নিৰ্বাচন সমাগত। বিটিচিত ইতিমধ্যে তীব্রতৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ। আজি ইউপিপিএল দলে জাৰি কৰিছে দলৰ নিৰ্বাচনী ইস্তাহাৰ।
বিটিচিত চৰকাৰ গঠন হলে সাংবাদিকৰ বাবে ১০ কোটি টকাৰ সাংবাদিক কল্যাণ আঁচনি ৰূপায়নৰ আশ্বাস প্ৰদান কৰে ইউপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে। লগতে সাংবাদিকলৈ অহা ভাবুকিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো আশ্বাস নিৰ্বাচনী ইস্তাহাৰত।
