চৰকাৰে ৰেহাই দিছে মাইক্ৰ’ ফাইনেন্সৰ ঋণ! বৰচলাত আনন্দ উল্লাসত মগন একাংশ মহিলা

94

ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত মাইক্ৰ’ ফাইনেন্স কোম্পানী সমূহক নিয়ন্ত্ৰণৰ বাবে বিধেয়ক উত্থাপন কৰাৰ পিছতে মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ মিথ্যা আনন্দত ভোজ ভাতৰ আয়োজন কৰিলে শোণিতপুৰ জিলাৰ বৰচলাৰ একাংশ মহিলাই। চৰকাৰে মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দি গাঁৱৰ মহিলাসকলক সকাহ দিয়া বুলি ভাৱিয়েই এনেদৰে হাঁহে-মাহে ভোজভাতৰ আয়োজন কৰি আনন্দ উল্লাসত মগন হৈ পৰিল অঞ্চলটোৰ একাংশ মহিলা।

দৰাচলতে লকডাউনৰ যি সময়ত মানুহ সম্পূৰ্ণৰূপে কৰ্মহীন হৈ পৰিছিল, সেই সময়তে একাংশ মাইক্ৰ’ ফাইনেন্স কোম্পানীয়ে কিস্তি আদায়ৰ নামত লেকামবিহীনভাৱে ভয়-ভাবুকি প্ৰদান কৰাও পৰিলক্ষিত হৈছিল। তেনে পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়েই বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত মাইক্ৰ’ ফাইনেন্স কোম্পানীসমূহক নিয়ন্ত্ৰণ সন্দৰ্ভত এখন বিধেয়ক উত্থাপন কৰে। ড০ শৰ্মাই কয় যে কিস্তি আদায়ৰ নামত মাইক্ৰ’ ফাইনেন্সে কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব, কৰিলে আইনী ব্যৱস্থা লোৱা হ’ব।

বিত্তমন্ত্ৰীগৰাকীৰ এই মন্তব্যকে ভুল ধৰণে লৈ বৰচলাৰ একাংশ মহিলাই উল্লাসত মগন হোৱা দেখা যায়। মহিলাসকলে এই আৱতৰীয়া বিহু উদযাপনৰ কাৰণ হিচাপে কয় যে চৰকাৰে হেনো মাইক্ৰ’ ফাইনেন্সৰ সকলো ঋণ মাফ কৰি দিছে।