ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধুৰ পত্নী নৱজোত কৌৰে কয় যে কঠোৰ অপৰাধী, গেংষ্টাৰ আৰু ধৰ্ষণকাৰীয়ে “চৰকাৰী নীতিৰ দ্বাৰা সকাহ পাব পাৰে” কিন্তু সিদ্ধুক এনে কোনো সকাহৰ পৰা বঞ্চিত কৰা হৈছে।
তেওঁক “সত্যবাদী” ব্যক্তি বুলি অভিহিত কৰি পত্নীয়ে লগতে কয় যে তেওঁ নকৰা অপৰাধৰ বাবেই তেওঁ কষ্ট পাইছে।
উল্লেখ্য যে, ১৯৮৮ চনৰ এটা গোচৰত এবছৰৰ কাৰাদণ্ড ভুগি আছে প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছৰ নেতাগৰাকীয়ে।