চৰকাৰী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দৰিদ্ৰ খেতিয়কৰ বিহপান! হাস্পতালত মৃত্যু

78

ডিজিটেল ডেস্কঃ ভাৰতৰ দৰে এখন দেশত খেতিয়কক লৈ ৰাজনীতি চলে, কিন্তু খেতিয়কৰ দুৰাৱস্থাৰ বুজ ল’বলৈ আহৰি নাথাকে নেতা-মন্ত্ৰীৰ। দেশৰ সৰ্বাধিক কৃষক কম শিক্ষিত আৰু দৰিদ্ৰ হোৱাৰ বাবেই খেতিয়কৰ ওপৰত চৰকাৰে ইচ্ছা অনুসৰি আইন, নিয়ম জাপি দিয়াটো এতিয়া তেনেই সাধাৰণ হৈ পৰিছে। শেহতীয়াকৈ মোডী চৰকাৰে ‘এক দেশ, এক বজাৰ’ নীতিৰে পুনৰ দৰিদ্ৰ কৃষক ৰাইজৰ ওপৰত নতুন নীতি-নিয়ম জাপি দিয়াৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি এতিয়া প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

কৃষকৰ ওপৰত চৰকাৰে জাপি দিয়া কৃষি বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক ৰাইজে। ভাৰতীয় কৃষক একতা সন্থাৰ আহ্বানত বাঠিণ্ডাত সাব্যস্ত হোৱা কৃষকৰ প্ৰতিবাদত চৰকাৰী নীতি আৰু ঋণৰ বোজাত অতীষ্ঠ হৈ এগৰাকী কৃষকে প্ৰতিবাদথলীতে বিহপান কৰিছিল। এই ঘটনা সংঘটিত হৈছিল ১৫ ছেপ্তেম্বৰত। মানসা জিলাৰ অক্কা গাঁৱৰ নিৱাসী ৬৫ বৰ্ষীয় দৰিদ্ৰ কৃষক প্ৰীতম সিঙে প্ৰতিবাদৰ মাজতে বিহপান কৰাত ততাতৈয়াকৈ তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু শুকুৰবাৰে নিশা হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে খেতিয়কগৰাকীয়ে।

জানিব পৰা মতে, প্ৰীতম সিং নামৰ খেতিয়কজনে লাখ টকাৰ ঋণ লৈ খেতি কৰিছিল। কিন্তু চৰকাৰে কৃষকৰ ওপৰত মাধমাৰ শোধাই জাৰি কৰা নীতি-নিয়ম আৰু ফচলৰ উচিত বজাৰ মূল্য লাভ নকৰাৰ বাবে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ দুখত তেওঁ বিহপান কৰে। ইফালে কৃষকজনৰ মৃত্যুৰ পিছত কেন্দ্ৰীয় চৰকাৰক এই মৃত্যুৰ বাবে জগৰীয়া কৰিছে কৃষক ইউনিয়নে। চৰকাৰৰ ভুল সিদ্ধান্তৰ বাবেই প্ৰীতম সিঙৰ দৰে খেতিয়কে আত্মহত্যাৰ পথ বাছি ল’বলগা হৈছে বুলিও মন্তব্য কৰে কৃষক ইউনিয়নৰ আঞ্চলিক অধ্যক্ষ যোগিন্দৰ সিঙে।