চোতালৰ পৰা নিৰুদ্দেশ হোৱা দুই যমজ ভাতৃৰ মৃতদেহ পুখুৰীত উদ্ধাৰ

78

নলবাৰী জিলাত শনিবাৰে ঘৰৰ চোতালত খেলি থকাৰ পৰা নিৰুদ্দেশ হোৱা দুই কণমানি যমজ ভাতৃৰ মৃতদেহ পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোকৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, শনিবাৰে দুই কণমানি নিকুমণি ডেকা আৰু নিতুমণি ডেকা চোতালত খেলি থকাৰ পৰাই নিৰুদ্দেশ হয়। তাৰ পিছত পিতৃ মাতৃয়ে শিশু দুটিৰ বিচাৰ খোচাৰ কৰিও সম্ভেদ উলিয়াব নোৱাৰাত অৱশেষত আৰক্ষী থানাত শিশু দুটিৰ নিৰুদ্দেশ সন্দৰ্ভত অৱগত কৰে।

পিছত আৰক্ষীয়ে অনুসন্ধান চলাই ঘৰৰ পৰা কিছু দূৰৈত অৱস্থিত এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত শিশু দুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চোতালত খেলি থকাৰ পৰা শিশু দুটি কেনেদৰে পুখুৰীৰ পাৰলৈ গল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। আনহাতে একাংশ লোকে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এয়া দুৰ্ঘটনা নে হত্যা সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই।