চেপনৰ পিউ খাৰীয়া হত্যাকাণ্ডৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ

57

চেপনৰ নাহৰতলি কাকৱনিত সংঘটিত বৃদ্ধৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চেপন আৰক্ষীয়ে। যোৱা ৩ এপ্ৰিলৰ নিশা পিউ খাৰীয়া নামৰ এজন ৮০ বছৰীয়া বৃদ্ধক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে একে গাঁৱৰে অমৰ খাৰীয়া (২০), গোপাল খাৰীয়া(২৩) আৰু সুৰেশ খাৰীয়া (২৫)নামৰ অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযুক্ত কেইজনে আৰক্ষীৰ আগত কৰা স্বীকাৰোক্তি অনুসৰি, দা আৰু কুঠাৰেৰে ঘপিয়াই তিনিওজনে হত্যা কৰিছিল পিউ খাৰীয়াক। আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহৃত দা আৰু কুঠাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।