চেন্নাই বিমান বন্দৰৰ বাহিৰত মৃত অৱস্থাত উদ্ধাৰ অসমৰ যুৱকক

92

গুৱাহাটীঃ শনিবাৰে চেন্নাই বিমানবন্দৰৰ প্ৰস্থান টাৰ্মিনেলৰ বাহিৰত অসমৰ এজন ৩৫ বছৰীয়া প্ৰব্ৰজনকাৰী শ্ৰমিকক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

বাতৰি অনুসৰি, দীপক পাল নামৰ ব্যক্তিজন চেন্নাই নিৰ্মান কৰ্মী হিচাপে কাম কৰি আছিল। শনিবাৰে তেওঁ চেন্নাইৰ পৰা গুৱাহাটীলৈ বিমান যাত্ৰা কৰিবলৈ বিমান বন্দৰত উপস্থিত হৈছিল।

ইফালে ব্যক্তিজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে বিমানবন্দৰৰ কৰ্মচাৰীসকলে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে এখন চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰিত কৰে।