চুৰি কৰা ফটো ব্যৱহাৰ কৰি সমৰ্থন আদায়ৰ চেষ্টা সাংবাদিকৰ…

71

ডিজিটেল ডেস্কঃ সুদৰ্শন নিউজ! সুদৰ্শন নিউজ মানেই সাম্প্ৰদায়িকতা, যেন হিন্দুত্বৰ সম্ৰাট। এটা বিশেষ ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে বিষবাষ্প বিয়পোৱা সুদৰ্শন টিভিৰ সুৰেশ চৌহাংকই শেহতীয়াকৈ ভাৰতীয় লোকসেৱা আয়োগত ইছলামিক জেহাদ চলা বুলি এটা কাৰ্যসূচী তৈয়াৰ কৰি প্ৰম’ প্ৰচাৰ কৰাত বিতৰ্কৰ সৃষ্টি হৈছিল। ন্যায়ালয়ে উক্ত অনুষ্ঠানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ দিয়াৰ পিছতে সমৰ্থন আদায়ৰ চেষ্টা কৰিছে সুৰেশ চৌহাংকই।

তাৰ মাজতে সমৰ্থন আদায় কৰিব বিচাৰি সুৰেশ চৌহাংকই প্ৰচাৰ কৰা এখন পোষ্টাৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। সুদৰ্শন নিউজৰ অফিচিয়েল টুইটাৰযোগে প্ৰচাৰ কৰা পোষ্টাৰ খনৰ মধ্যম অংশত সুৰেশ চৌহাংকই হাত সাৱটি থকা দেখা গৈছে। আনহাতে সুৰেশ চৌহাংকৰ চৌদিশে শৰ, তৰোৱাল, বোমা, বন্দুক, টোপ, ঘোচা লৈ থকা হাত, লাঠি, জুই, গেছ, জোং আদি থকা দেখা যায়। ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে আপোনালোকৰ হৈ আৱাজ উঠোৱা লোকক আপোনালোকে সমৰ্থন নকৰিব নেকি?

কিন্তু উক্ত ফটোখন চুৰি কৰা বুলি অভিযোগ উত্থাপন কৰিছে নিউজ লণ্ড্ৰী নামৰ নিউজ ৱেবচাইটটোৱে। নিউজ লণ্ড্ৰীয়ে টুইট কৰি সুৰেশে ব্যৱহাৰ কৰা ফটোখন তেওঁলোকৰ বুলি দাবী কৰে। নিউজ লণ্ড্ৰীৰ সৈতে জড়িত মেঘনাদে কয় যে সুদৰ্শন টিভিয়ে চুৰি কৰি এইখন ফটো তেওঁলোকৰ নিজৰ বুলি কয়। দিল্লী হিংসাৰ সময়ত সংবাদ মাধ্যমৰ ওপৰত হোৱা আক্ৰমণৰ এটা বাতৰিত উক্ত ফটোখন ব্যৱহাৰ কৰিছিল নিউজ লণ্ড্ৰীয়ে। নিউজ লণ্ড্ৰীয়ে উক্ত বাতৰিটো টুইটাৰত সংলগ্নও কৰে।