চুনাৰী ৰাজ্যিক চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থাত ৰোগীৰ চৰম দুৰ্ভোগ

71

গোৱালপাৰা জিলাৰ লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চুনাৰী ৰাজ্যিক চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থাই চৰম দুৰ্ভোগ ভোগাইছে চুনাৰী অঞ্চলৰ ৰাইজক। চুনাৰী ৰাজ্যিক চিকিৎসালয়ৰ অধিনত প্ৰায় অৰ্ধশতাধিক গাওঁ আছে। ইয়াৰে প্ৰায় ত্ৰিশ খন গাওঁ চৰ অঞ্চলৰ। এই অঞ্চলৰ প্ৰসৱ বেদনাত ভোগা জৰুৰীকালীন ৰোগীৰ লগতে অন্যান্য মুমূৰ্ষ ৰোগী সকলে নাওঁৰে ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ চুনাৰী চিকিৎসালয় লৈ আহে।

কিন্তু চিকিৎসালয়ত অধিকাংশ কোঠালী ভাগি ছিগি যোৱাত ডাক্টৰ- নাৰ্চ নিশা থাকিব নোৱাৰা হৈছে। ইয়াত ৰোগী সকল সুচিকিৎসা নাপাই বাধ্য হৈ গোৱালপাৰা অথবা লক্ষীপুৰ প্ৰথামিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাবলগীয়াত পৰে । এনে অৱস্থাত বহু মুৰ্মুষ ৰোগী মৃত্যু মুখত পৰে। তাৰোপৰি চিকিৎসালয় খনত যিমান খিনি কৰ্মচাৰী, স্বাস্থ্য পৰীক্ষাৰ যন্ত্ৰপাতি, ঔষধ পাতি আৰু অন্যান্য সা-সুবিধা থাকিব লাগে সেইবিলাক একো নাই।

বিভাগীয় কৰ্তৃপক্ষই বহুদিন পূৰ্বে এটা পূৰণি এম্বুলেন্স যোগান ধৰিছিল যদিও সেইটোৰ দ্বাৰা ৰাইজৰ একো কামত নাহিল। এম্বুলেন্স খন দীৰ্ঘ দিনৰ পৰাই বিকল অৱস্থাত পথৰ ওপৰত জহিখহি গৈ আছে। চিকিৎসালয়ৰ বিধ্বস্ত গৃহ সমুহৰ মেৰামতি, নতুন এম্বুলেন্স যোগান, ডাক্টৰ নাৰ্চ নিযুক্তি আৰু অন্যান্য সা-সুবিধা সমুহৰ সু-ব্যাৱস্থা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।