চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যাসূচী ৰূপায়ন

291

ডিব্ৰুগড়ত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যাসূচী ৰূপায়ন।

আজি ডিব্ৰুগড় চৌকিডিঙ্গীৰ জিৰণীচ’ৰাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। উত্তৰ -পূৰ্বাঞ্চলৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ দিনটো পিছপৰি ৰৈছে। বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত সর্বোচ্চ ত্যাগ কৰা চুতীয়া সকল আজি অৱহেলিত হৈ ৰোৱাটো দুভাগ্যজনক । সেয়েহে জনগোষ্ঠীটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই দীর্ঘদিন ধৰি জনজাতিকৰণ দাবী জনাই অহাৰ পাছতো চৰকাৰে আজিলৈকে গুৰুত্ব প্রদান নকৰিলে। বাৰম্বাৰ চৰকাৰ লগত আলোচনা কৰাৰ পাছত দুমাহৰ ভিতৰত মন্ত্ৰীগোটৰ প্রতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিশ্ৰুতি আজি দুবছৰে কাৰ্যকৰী কৰা পৰিলক্ষিত নহ’ল । গতিকে আজি পুনৰ অৱস্থান ধর্মঘট কাৰ্যসূচীৰ জৰিয়তে চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদান কৰা আৰু চুতীয়া জনগোষ্ঠীক স্বায়ত্বশাসন প্ৰদান কৰাৰ দাবীৰে ৰাজ্যৰ মূখ্যমন্ত্ৰীক এখনি স্মাৰকপত্ৰ প্ৰেৰন কৰে বুলি সংগঠনতোৰ বিষয় ববিয়াই মন্তব্য আগবঢ়োৱাৰ লগতে এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত চৰকাৰ উফৰোৱাৰ হুংকাৰ প্ৰদান কৰে।