চীনৰ বিৰুদ্ধে গুৱাহাটীত আৰম্ভ অৰ্থনৈতিক অৱৰোধ

77

চীনা সামগ্রী ওভতাই পঠিয়ালে নেক্স ইলেকট্ৰনিকছে

ষ্টাফৰিপ’ৰ্টাৰ,,,,১৭ জুন।। ভাৰত চীন সীমান্তত এতিয়া যুদ্ধৰ দামামা। বিশ্বাসঘাটক চীনে ইতিমধ্যে লাডাখ সীমান্তত ভাৰতীয় ভূখণ্ড নিজৰ দখললৈ নি সমৰ সজ্জা গঢ়ি তুলিছে। এনে এক যুদ্ধংদেহী পৰিবেশৰ মাজতে মঙলবাৰে সংঘটিত ভাৰত আৰু চীনৰ সৈনিকৰ মাজত হোৱা সংঘৰ্ষত বিশজনকৈ ভাৰতীয় সেনা শ্বহীদ হৈছে। চীনৰ এই বৰ্বৰতাৰ বিৰুদ্ধে দেশজুৰি বিদ্ৰোহৰ জুই জ্বলিছে। সীমান্তত এনেদৰে উত্তেজনাময় পৰিবেশৰ সৃষ্টি হোৱাৰ সময়তে গুৱাহাটীত আৰম্ভ হৈছে চীনৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ।চীনা সমগী বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে গুৱাহাটীৰ নেক্স ইলেকট্ৰনিকছে তেওঁলোকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সকলো চীনা সামগ্ৰী ওভতাই পঠিয়ালে। চীনত নিৰ্মিত অপ,’ ভিভ’, টি চি এল, হেয়াৰ কোম্পানীৰ বিভিন্ন সামগ্রী আজি ওভতাই পঠিওৱাৰ লগতে চীনা সামগ্ৰী বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে। বি বৰুৱা ৰোডস্থিত নেক্স ইলেকট্ৰনিকছৰ স্বত্বাধিকাৰী অভিষেক ছনীয়ে চীনা সামগ্রী বর্জনৰ বাবে সকলোকে আহ্বান জনাই কয়”-লাডাখ সীমান্তত চীনে ভাৰতৰ বিশজনকৈ সেনাক শ্বহীদ কৰিলে। এই বৰ্বৰতাৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধ হোৱাৰ দৰকাৰ। সেয়ে চীনৰ সামগ্ৰী সমূহ সকলোৱে বৰ্জন কৰা উচিত।অসমতে নহয় সমগ্ৰ ভাৰতবর্ষতে চীনা সামগ্রী বৰ্জন কৰিবলৈ ব্যৱসায়ী সকলক আহ্বান জনাইছে ছনীয়ে।