চীনত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বিমান।
দক্ষিণ পশ্চিম চীনৰ গুৱাংছি অঞ্চলৰ ৱুঝৌ চহৰৰ সমীপৰ গ্ৰাম্য এলেকাত ভূপতিত হয় বোয়িং ৭৩৭ বিমানখন।
দুৰ্ঘটনাৰ সময়ত বিমানখনত আছিল ক্ৰু মেম্বাৰসহ ১৩৩ জন লোক।
দুৰ্ঘটনাত আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ সন্দেহ।
ৱুঝৌৰ টেং কাউণ্টিত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে ভয়ংকৰ জুইৰ সূত্ৰপাত ঘটে।
ইতিমধ্যে উদ্ধাৰকাৰী দল দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে।
চাইনা ইষ্টাৰ্ণ এয়াৰলাইনছৰ বোয়িং ৭৩৭ বিমানখনে সোমবাৰে দুপৰীয়া ১ বজাত পিছতকুনমিং চহৰৰ পৰা উৰা গুৱাংঝৌলৈ উৰা মৰাৰ কিছুসময় পিছতে সংঘটিত হয় এই দুৰ্ঘটনা।
