চীনত এইবাৰ মাংকি বি ভাইৰাছ, প্ৰথমজন আক্ৰান্তৰ মৃত্যু

115

আন্তঃৰাষ্ট্ৰীয় খবৰঃ কোৰোনা দৰে মহামাৰী বিয়পাই সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা ৰঙা চীনত এইবাৰ দেখা দিছে মাংকি বি ভাইৰাছ (Monkey B Virus)। খবৰ অনুসৰি, চীনত এই ভাইৰাছ দ্ৰুত গতিত সংক্ৰমিত হোৱাৰ লগতে ইতিমধ্যে এই ভাইৰাছৰ বলি হৈ এগৰাকী চিকিৎসকৰ মৃত্যুও ঘটিছে।

চিকিৎসা গৱেষকসকলে দাবী কৰা মতে, মাংকি বি ভাইৰাছ কোৰোনা মহামাৰীতকৈও অধিক ভয়াবহ। বান্দৰৰ দেহৰ পৰা সংক্ৰমণ ঘটা এই ভাইৰাছত মৃত্যুৰ সম্ভাৱনা ৭০-৮০ শতাংশ পৰ্যন্ত হয় বুলি দাবী কৰিছে চিকিৎসা গৱেষকসকলে।

বমি আৰু মূৰ ঘূৰণিৰ দৰে উপসৰ্গৰে মানুহৰ দেহত সংক্ৰমণ ঘটা এই ভাইৰাছ চীনৰ বেইজিঙত উৎপত্তি ঘটা বুলি খবৰ প্ৰকাশ পাইছে। খবৰ অনুসৰি, কিছুদিন পূৰ্বে দুটা বান্দৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা বেইজিঙৰ এজন চিকিৎসক মাংকি বি ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। সমগ্ৰ বিশ্বত এই ভাইৰাছত মৃত্যু ঘটা এয়াই প্ৰথম ঘটনা। এই ভাইৰাছ যাতে চীনৰ পৰা কোৰোনা মহামাৰীৰ দৰে অন্য ৰাষ্ট্ৰলৈ সংক্ৰমণ নঘটে তাক লৈ সতৰ্ক হোৱা উচিত বুলি আগশাৰীৰ ৰাষ্ট্ৰসমূহক সকিয়নী প্ৰদান কৰিছে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে।